ক্ৰূচীয় মৃত্যু

ক্ৰুচীয় মৃত্যু

চোৱা আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে, সেই প্ৰাণীহে মৰিব। (যিহিস্কেল ১৮:৪) যীচু শাৰীৰিক ৰূপ লোৱাৰ কাৰণে আমি ভাবিব পাৰো যে যীচু এজন পাপী মানুহ। কিন্তু শাস্ত্ৰই কয়, ইব্ৰী ৪:১৫- বিনাপাপী, পাপ ৰহিত। ইব্ৰী ৭:২৬- নিৰ্ম্মল, পাপীবিলাকৰ পৰা পৃথক। ১ম যোহন ৩:৫- তেওঁত একো পাপ নাই। তেওঁত যদি একো পাপেই নাই, তেনেহলে ইমান শাস্তি খাই মৰিল কিয়? ৰোমীয়া শাসন কালত ক্ৰুচ আছিল অপমান, ঘৃণা আৰু ৰাজদণ্ডৰ প্ৰতীকস্বৰূপ। ৰাজদ্ৰোহী বিলাকক এনে শাস্তি দি তিল তিল মৃত্যুলৈ থেলি দিছিল। তেন্তে যীচু ৰাজদ্ৰোহী আছিল নেকি? পীলাতে যীচুক প্ৰশ্ন সোধাত যীচুৱে কৈছিল, সত্যতাৰ পক্ষে সাক্ষী হবলৈ মই আহিছো। আৰু কৈছিল, মোৰ ৰাজ্য এই জগতৰ নহয়, এই জগতৰ হোৱা হলে মোৰ সেৱক বিলাকে প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন। সেয়ে পীলাতে চৰিয়া এটাত পানী লৈ হাত ধুই কৈছিল, মই এই মানুহত একো দোষ নাপাওঁ। আনকি ঈষ্কৰোতীয়া যিহুদাইয়ো আক্ষেপ কৰি কৈছিল, নিৰ্দোষীৰ ৰক্তপাত কৰাত মই দোষ কৰিলো। তাৰ মানে তেওঁ ৰাজদ্ৰোহী নহয়। আচলতে শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এই সকলো ঘটিল। বাইবেলে এই বিষয়ে স্পষ্ট ভাবে কৈছে। এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈ ব্যাপি গ’ল। (ৰোমীয়া ৫:১২) এজনা অৰ্থাৎ আদমে পাপ কৰিলে আৰু উত্তৰাধিকাৰ সুত্ৰে সকলোৱে পাপী হৈ পৰিল, ফলস্বৰূপে সকলোৱেই পাপ কৰিলে। শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আমাৰ নিজস্ব ধাৰ্মিকতা লেতেৰা ফটাকাণি স্বৰূপ। (যিচয়া ৬৪:৬) সেয়েহে আমাৰ ধাৰ্মিকতাৰে আমি ঈশ্বৰৰ আগত থিয় হব নোৱাৰো।  আমি মানুহবোৰে বিভিন্ন ধৰ্ম্ম-কৰ্ম্ম কৰো। যাতে আমি ঈশ্বৰৰ আগত নিজকে নিৰ্দোষীৰূপে থিয় হব পাৰো। অৱশ্যে আমি ভাল কাম কৰিব লাগে সমাজৰ উপকাৰৰ বাবে। সমাজৰ, দেশৰ বাবে দহৰ বাবে যেন কিঞ্চিত উপকাৰ হয় তাৰ বাবে আমি অহোপুৰূষাৰ্থ কৰিব লাগে। কিন্তু সেই ভাল কামে আমাৰ আত্মাৰ পৰিত্ৰাণ কৰিব নোৱাৰে। আত্মাৰ পৰিত্ৰাণৰ বাবে লাগে নিষ্পাপ তেজ খ্ৰীষ্টই এই কাৰ্য্য সম্পন্ন কৰিলে, ক্ৰুচ মহাযজ্ঞ সাধন কৰিলে আমাৰ হিন্দু দৰ্শনশাস্ত্ৰ মতে অয়ং যজ্ঞোঃ ভুৱনস্য নাভিঃ (ঋগবেদ ১:১৬৪:৩৫)  সেয়ে আৰু যেতিয়া তোমালোক তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, তেতিয়া ঈশ্বৰে তোমালোকক জীয়ালে। (ইফি ২:১) পাপৰ মোচন কেৱল যীচু খ্ৰীষ্টতহে আছে। মৃত্যুৰ পৰা তেৱেঁই আমাক বচালে। তেওঁতেইহে আমাৰ মুক্তি অৰ্থাৎ পাপবোৰৰ মোচন আছে তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি, নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থলে; তেওঁতেইহে আমাৰ মুক্তি, অৰ্থাৎ পাপবোৰৰ মোচন আছে। (কলচীয়া ১:১৩,১৪) পাছদিনা তেওঁৰ ওচৰলৈ যীচুক অহা দেখি, তেওঁ ক’লে, জগতৰ পাপ নিওঁতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা। (যোহন ১:৩০) মেৰ পোৱালি বুলি কওঁতে বলি হবলৈ বা ঈশ্বৰৰ দ্বাৰা বলি দিবলৈ প্ৰস্তুত হোৱা জন্তুটোক বুজায়। তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা। (ইব্ৰী১০:৫) ইয়াত শৰীৰ বুলি কওঁতে মানুহৰ শৰীৰটো বুজায়, ঈশ্বৰে নিজেই এই শৰীৰ ধাৰণ কৰিলে। অদৃশ্য ঈশ্বৰজনাই সাকাৰ ৰূপ ধাৰণ কৰিলে। অৰ্থাৎ যীচু খ্ৰীষ্ট ৰূপে এই জগতত আত্মপ্ৰকাশ কৰিলে। ঈশ্বৰে নিজৰ বাবে এটি বলি প্ৰস্তুত কৰিলে, যাতে তেওঁৰ ধাৰ্মিকতা আৰু ন্যায়পৰায়ণতা সিদ্ধ হয়। ঈশ্বৰৰ ন্যায় পৰায়ণতা সিদ্ধ হবলৈ এটি নিস্পাপ বলি হব লাগিব। পৃথিবীত এনে কোনো মানুহ নাই যিয়ে পাপ কৰা নাই। পৃথিবীৰ সকলো মানুহে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। পাপী বুলি কওঁতে যেতিয়া মাতৃৰ গৰ্ভত স্থিতি হওঁতেই পাপ হয়।  আৰু যেতিয়া জনম হৈ পৃথিবীলৈ আহি পাপেই কৰে। যিমানে পাপৰ পৰা ওলাবলৈ বিচাৰে সিমানে বেছিকৈহে পাপ হৈ পৰে।  সেয়ে এটি নিস্পাপ বলিৰ প্ৰয়োজন হ’ল। তেওঁ নিস্পাপ, পাপ ৰহিত, তেওঁ বিনাপাপী, পাপীবিলাকৰ পৰা পৃথক। এই পাপীবিলাকৰ পৰা পৃথকজনাই অৰ্থাৎ যীচুখ্ৰীষ্টই নিজকে বলি স্বৰূপে উচৰ্গিত হ’ল, যাতে আমি মানুহবোৰে পৰিত্ৰাণ পাওঁ। আচলতে শাস্ত্ৰ অনুসাৰে যীচু আমাৰ পাপৰ কাৰণে মৰিল, তেওঁক মৈদাম দিয়া হ’; আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ’ল। কাৰণ আমাৰ নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট তেওঁক বলিদান কৰা হ (কৰিন্থীয়া ৫:৭) কিন্তু আমাৰ অধৰ্ম্মবোৰৰ নিমিত্তে তেওঁক খোচাঁ হ’ল, আমাৰ পাপবোৰৰ নিমিত্তে গুড়ি কৰা হ’ল, আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাঁচ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ’লোঁ। (যিচয়া ৫৩:৫) ইয়াৰ যোগেদি আমি আত্মিকভাবে সুস্থ হ’লো, আমাৰ পাপ আৰু অধৰ্ম্মবোৰ, আৰু অশান্তিৰ শাস্তি তেৱেঁই গা পাতি ল’লে। গা পাতি লৈ আমাৰ সকলোৰে বাবে তেওঁ পাপৰ প্ৰায়শ্চিত্ত কৰিলে  আৰু তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত;  কেৱল আমাৰেই নহয়, গোটেই জগতৰো। (১ম যোহন ২:২) যেনেকৈ প্ৰতিনিধি স্বৰূপে আদমৰ পাপৰ যোগেদি সকলো মানুহ পাপী হৈ পৰিল আৰু পাপৰ দণ্ডলৈ ৰায়দান দিয়া হল, সেইদৰে মেৰ স্বৰূপে যীচুখ্ৰীষ্টৰ বলিদানৰ দ্বাৰা অৰ্থা এটা ধাৰ্মিক কাৰ্য্যৰ দ্বাৰা সকলো মানুহলৈ ঈশ্বৰৰ অনুগ্ৰহৰ বৰদান দি যেয়ে বিশ্বাস কৰে সেই সকলোলৈকে ধাৰ্মিকতা দান দিয়া হ এতেকে যেনেকৈ এটা অপৰাধৰ দ্বাৰাই সকলো মানুহলৈকে দণ্ডলৈ ৰায় দিয়া হ’ল, তেনেকৈ ধাৰ্ম্মিকতাৰ এটা কাৰ্য্যৰ দ্বাৰাই  সকলো মানুহলৈকে জীৱনৰ ধাৰ্ম্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল। বাইবেলৰ পুৰণি নিয়মত ইস্ৰায়েল জাতিৰ বাবে বছেৰেকত এটা বলিদান মহাপ্ৰায়শ্চিত্তৰ দিনা কৰা হৈছিলসেইটোও আকৌ ছাগ বা দামুৰিৰ তেজেৰে বলিদান কৰা হৈছিল। এই বলিদানটোৰ সময়সীমা আছিল এবছৰ। সেইবছৰটো শেষ হোৱাৰ পাছত তেওঁলোকে পুনৰ বলিদান কৰিব লাগিছিল। সেয়ে এই বলিদান সিদ্ধতৰ নাছিল। সেয়েহে প্ৰভু যীচুৱে নিজেই বলি হবলগীয়া হ’ল, আৰু তেওঁৰ বলিদানৰ যোগেদি অনন্ত কালৰ বাবে বিশ্বাস কৰা সকলোলৈকে মুক্তি দিয়া হ’ল  কিন্তু খ্ৰীষ্টে, ভাবী মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে উপস্থিত হৈ, হাতে নকৰা অৰ্থাৎ এই সৃষ্টিৰ নোহোৱা সেই মহত্ত্বৰ আৰু সিদ্ধত্ত্বৰ তম্বুৱেদি গমণ কৰি, ছাগৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে, একেবাৰতে মহা-পবিত্ৰস্থানত সোমাই, অনন্ত-কালস্থায়ী মুক্তি উপাৰ্জন কৰিলে। (ইব্ৰী ৯:১১-১২) কিন্তু ঈশ্বৰৰ অনুগ্ৰহ আমাক লাগে, সেই অনুগ্ৰহত, কোনো মুল্য নিদিয়াকৈ ধাৰ্ম্মিক বুলি গণ্য হয়। খ্ৰীষ্ট যীচুতেই মুক্তি আছে। সেই মুক্তি পাবলৈ হ’লে খ্ৰীষ্টৰ অনুগ্ৰহ বিশ্বাস কৰিব লাগিব। ঈশ্বৰৰ অনুগ্ৰহেই যথেষ্ট।   কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামুল্যে ধাৰ্ম্মিক বুলি গণিত হয়। (ৰোমীয়া ৩:২৪) আমাৰ পৰিত্ৰাণ পোৱা কাৰ্য্যটোত আমি যে বিশেষ কোনো কাৰ্য্য কৰিছো এনে নহয়, আমাৰ কাৰ্য্যৰ ওপৰত ই নিৰ্ভৰ নকৰে। আমাৰ ধাৰ্ম্মিকতাৰ প্ৰয়োজন নাই, কিবা যাগ-যজ্ঞ, বলি-বিধান, নাইবা আমাৰ প্ৰাৰ্থনা, উপবাসৰ দৰকাৰ নাই।  আমালৈ এইটো ঈশ্বৰে দান দিছে, আমি কেৱল ধন্যবাদেৰে গ্ৰহন কৰিব লাগে।   কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা; আৰু সেয়ে তোমালোকৰ পৰা নহয় ঈশ্বৰৰহে দান।  কোনেও যেন শ্লাঘা (গৰ্ব্ব/দৰ্প) কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্ম্মৰ পৰাও নহয়। সেয়ে ব্ৰাহ্মণ ভকত সকলে এই প্ৰাৰ্থনাটো (গায়ত্ৰী মন্ত্ৰ) কৰিছিল-  পাপোহং পাপকৰ্ম্মাহং পাপাত্মা পাপ সম্ভবঃ।  ত্ৰাহিমাম পুণ্ডৰীকাক্ষম সৰ্ব্ব পাপ হৰ হৰে। অৰ্থাৎ মই পাপী, পাপকৰ্মী, পাপীষ্ঠ, পাপতেই মোৰ জন্ম, গতিকে হে পৰম পবিত্ৰ কমলনয়ন ঈশ্বৰ মোক এই পাপ সমুদ্ৰৰ পৰা ৰক্ষা কৰা বৃহদাৰণ্যক উপনিষদ (১::২৮)ত উল্লেখ থকাৰ দৰে- অসতো মা সদ্ গময়ং, তমসো মা জ্যোতিঃ গময়ং, মৃৰ্ত্যু মা অমৃতং গময়ং।। অৰ্থাৎ অসত্যৰ পৰা সত্যলৈ নিয়া, আন্ধাৰৰ পৰা পোহৰলৈ নিয়া, মৃত্যুৰ পৰা অমৰত্বলৈ নিয়া। যীচু খ্ৰীষ্টই কৈছে- ময়েই সত্য। ময়েই জীৱনৰ জ্যোতি। ময়েই পুনৰূত্থান আৰু অনন্ত জীৱন। ঈশ্বৰে আপোনাক আশীৰ্ব্বাদ কৰক।

 

 

 

 

 

 

 

Share

Your encouragement is valuable to us

Your stories help make websites like this possible.