সত্যান্বেষণ ( In Search of the TRUTH)

সৰ্ব্ব প্ৰথমে আপোনাক নমস্কাৰ জনাওঁ। আপোনাক এই অনুৰোধ কৰোঁ,  আপুনি যেন এই লিখনিকণ ধৈৰ্য্যসহকাৰে শেষলৈকে পঢ়ে।

১) সকলোৰে মনত সদায় জাগি উঠা প্ৰশ্নঃ

  • এই বিশ্বব্ৰহ্মাণ্ডৰ আদি ক ?
  • প্ৰথমে সৃষ্টজনক কোনে দেখিলে?
  • আপুনি/মই কোন ? ক'ৰপৰা ইয়ালৈ আহিলো ? আমাৰ উৎপত্তি ক'ত? ইয়াত কি কৰি আছো ? আমি ইয়াৰ পৰা ক'লৈ যাম ? মৃত্যুৱেই শেষ নেকি ? মৃত্যুৰ পাছত কি ?
  • আত্মা কি বস্তু ? জীৱাত্মা কি ? পৰমাত্মা কি ?
  • আপুনি বা মই সেই পৰমাত্মাৰ অংশনে ? (अहं ब्रह्म अस्मि - বৃহদাৰণ্যক উপনিষদ ) 
  •  যীচু খ্ৰীষ্ট কোন ? তেওঁ কিয় ইতিহাসৰ মানদণ্ডস্বৰূপ ? (B.C & A.D.)

আমি এতিয়া অলপ বিতংকৈ চাওঁহঁকঃ আপোনাৰ ওচৰত হয়তু এইবোৰৰ উত্তৰ থাকিব পাৰে। প্ৰশ্নটো হৈছে যীচু খ্ৰীষ্ট কোন- আমাৰ শাস্ত্ৰসমুহে তেওঁৰ বিষয়ে কি কয়-

২)“খ্ৰীষ্ট হৈছে অভিষিক্তজনা, উদ্ধাৰকৰ্ত্তা, পৰিত্ৰাতা, খ্ৰীষ্ট হৈছে শাস্বত বাক্য আৰু সৃষ্টিকৰ্ত্তা।“

  • वागै व ब्रह्म  - বাক্যই ব্ৰহ্ম ( বৃহদাৰণ্যক উপনিষদ ১::২১; ৪::২)
  • शब्दोक्षरं परम ब्रह्म -  শব্দই পৰম ব্ৰহ্ম (ব্ৰহ্মবিন্দু উপনিষদ ১৬)
  • शब्दोब्रह्म – শব্দই ব্ৰহ্ম (ব্ৰহ্মবিন্দু উপনিষদ ১৭)
  • এই বাক্য বা বাগৈই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কাৰ্য্যৰ মুলনীতি (ঋগবেদ ১০:১২৫)

৩) বাইবেল শাস্ত্ৰই এই প্ৰশ্নবোৰৰ উত্তৰ পোনে পোনে দিছে।

  • যোহন ১:১ আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰে সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। (आदौ वाद आसीत्, स च वाद ईश्वराभिमुख आसीत्, स च वाद ईश्वर आसीत्। स आदावीश्वराभिमुख आसीत्।)
  • যোহন ১:১৪- সেই বাক্য মাংস হ,  আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপুৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে, তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত  যি প্ৰভাব, সেই প্ৰভাব আমি দেখিলো। (स च वादो मांसरूपी बभूव, प्रवासीवास्मान्मध्ये ववृते च, वयञ्च पितृसकाशादागतस्यैकजातस्य पुत्रस्य प्रतापमिव तस्य प्रतापं निरीक्षीतवन्तः।)

৪)নিষ্পাপঃ

  • ভবিষ্য পুৰাণৰ প্ৰতিসৰ্গ পৰ্ব্বৰ ভাৰত খণ্ডত ( চতুৰ্যুগ খণ্ড, ২: ২২-৩২) উল্লেখিত- ৰজা শালিবাহনৰ বৰ্ণনাত এইদৰে আছে-
    • ঈশামসীহ ইতি চ মম নাম প্ৰতিস্থিতম,

(ईसामसीह इति च मम नाम प्रतिस्ठितम्,)

গৌৰাঙ্গ, শ্বেতবস্ত্ৰকম, বলৱান ৰাজা, পুৰুষং শুভম,

(गौराङ्ग,श्वेतवस्त्रकम्, वलवान राजा,पुरुषं शुभम्।)

ঈশ পুত্ৰ, কুমাৰী গৰ্ভসম্ভৱম।

(ईश पुत्र, कुमारी गर्भसम्भवम्।)

৫)বাইবেল শাস্ত্ৰই এই কথাৰ স্পষ্টকৈ উল্লেখ কৰিছেঃ

  • ইব্ৰী ৪:১৫- বিনাপাপী, পাপ ৰহিত।
  • ইব্ৰী ৭:২৬- নিৰ্ম্মল, পাপীবিলাকৰ পৰা পৃথক।
  • ১ম যোহন ৩:৫- তেওঁত একো পাপ নাই।

৬) সেয়ে তেওঁ শ্ৰোতাসকলক এইদৰে প্ৰত্যাহ্বান কৰিছিলঃ

  • যোহন ৮:৪৬- তোমালোকৰ মাজৰ কোনে মোক পাপী বুলি প্ৰমাণ কৰিব পাৰে ? (मम पापमस्तीति प्रमाणं युष्माकं को ददाति?)
  1. বাইবেলৰ ৰোমীয়া পত্ৰৰ ৩ অধ্যায়ত কৈছে-
  • সকলোৱেই পাপ অধীন, সকলোৱেই পাপী আৰু পাপ কৰ্ম্মী, কিন্তু খ্ৰীষ্ট এই সকলোৰ পৰা পৃথক।
  1. খ্ৰীষ্ট সিদ্ধ ব্ৰহ্মচাৰী- অৰ্থাৎ ঈশ্বৰৰ দৰে আচৰণ কৰোতাঁ।
  • सः ब्रह्मचारी ब्रतश्च  (মন্ত্ৰিক উপনিষদ ১১)।

তেওঁ নিৰ্দ্বন্দ, ত্ৰিকালজ্ঞ, অনাসক্ত।

  1. খ্ৰীষ্ট সচ্চিদানন্দঃ বেদান্তত পৰমাত্মাক তিনিটা ৰূপত শব্দৰ সমষ্টিৰে প্ৰকাশ কৰা হয়।
  • সৎ+চিৎ+আনন্দ (নৃসিংহ উপনিষদ ১:৭) অথবা सत्यं+ज्ञानं+अनन्तं (তৈত্তিৰীয় উপনিষদ ২::১)
  • सत्यं ज्ञानं मनस्तं ब्रह्मः (তৈত্তিৰীয় উপনিষদ ২::১১) সত্য আৰু অনন্তই হৈছে ব্ৰহ্ম।
  • শ্বেতস্বৰ উপনিষদৰ মতে (৬: ৫) ঈশ্বৰক পাপুনুদম (पापोनुदम) বা পাপনাশক বুলি কৈছে।
  • পাপ নাশ কৰিবলৈ ঈশ্বৰ নিজেই বলিস্বৰূপ হলঃ
    • बलिः पुरुषोवै यज्ञ। प्रजापति यज्ञ। (চান্দোগ্য উপনিষদ ৩:১৬:১)
    • पुरुषव यज्ञः प्रजापति यज्ञ, क्रुचैव यज्ञ - (শতপথ ব্ৰাহ্মণ ১:১৩; ৪:১৫)
    • ঋগবেদৰ ১:১৬৪:৩৫ অনুসৰি- अयं यज्ञो भुवनस्य नाभिः, অৰ্থাৎ যজ্ঞই ভু-মণ্ডলৰ কেন্দ্ৰ। খ্ৰীষ্টই এই যজ্ঞ সম্পুৰ্ণ কৰিলে। এই যজ্ঞ বিশ্বাস কৰিব লাগেএই যজ্ঞত বিশ্বাসৰ দ্বাৰা উদ্ধাৰ পায়। কেনেকৈ ? খ্ৰীষ্টক গুৰু মনাৰ যোগেদি। এই কথাষাৰ বাইবেল শাস্ত্ৰই স্পষ্টকৈ কৈছে-
    • যোহন ৩:১৬– কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্ৱাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। (यत ईश्वरो जगतीर्थं प्रेमचकार, यनिज्मेकजातं पुत्रं ददौ, तस्मिन् विश्वासी सर्व्वमनुष्यो यथा  न विनश्यानन्तं जीवनं लप्स्यते)
  1. এতিয়া প্ৰশ্ন হল প্ৰকৃত গুৰুজনা কোন-
  • ঈশ্বৰেই গুৰু, গু আত্মিক অন্ধকাৰ, আৰু ৰু নোহোৱা কৰোঁতা।
  • অদ্বৈতাৰক উপনিষদৰ ১৬ আৰু ১৭ৰ মতে- গুৰুক পৰমব্ৰহ্ম বা সনাতন ঈশ্বৰ বোলা হৈছে।
  • ব্ৰহ্মবিদ্যা উপনিষদৰ ৩১ পদৰ মতে- গুৰুদেব হৰিঃ সাক্ষ্যনান্য ইত্যব্ৰবীচ্ছুতিঃ (गुरुदेव हरिः साक्ष्यनान्य इत्यव्रवीच्छुतिः।) অৰ্থাৎ প্ৰকাশ্য ঈশ্বৰেই গুৰু, আন কোনো হব নোৱাৰে; শ্ৰুতিয়েও তাকেই কয়।
  1. ভাৰতীয় আধ্যাত্মিক শাস্ত্ৰসমুহৰ মতে গুৰুৰ থাকিবলগীয়া গুণবোৰ বিশেষকৈ শ্ৰীমদ্ভাগৱত গীতা ১৮ অধ্যায়ৰ ১৪ নং শ্লোকৰ পৰা চাই যাওঁ, তেনেহলে যিজনা গুৰু স্থিত প্ৰজ্ঞ পুৰুষো হয়, তেওঁৰ থাকিবলগীয়া গুণসমুহৰ বিশেষ ব্যাখ্যাত-
  • গুৰু তেৱেঁই, যিজন –
    • পৰমাত্মা ঈশ্বৰ
    • ব্ৰহ্মনিষ্ঠাম
    • ব্ৰহ্মচাৰী
    • নিষ্পাপদেহী
    • নিৰ্ম্মল
    • নিৰ্দ্বন্দ
    • ত্ৰিকালজ্ঞ
    • অনাসক্ত
    • পৰিত্ৰাতা
    • আশ্ৰয়স্থল

এই গোটেই কেইটা গুণ যীচুখ্ৰীষ্টত দেখা যায়। এতিয়া প্ৰশ্ন হল, ব্যক্তিগতভাবে কোনো এজনক গুৰুৰ প্ৰয়োজন আছেনে নাইবা কোনোৱে হয়তু এনে ভাব কৰিব যে তেওঁ ব্ৰাহ্মণৰ পৰিয়ালতেই জন্মিলযদি এনে ভাব থাকে, তেন্তে মনুসংহিতাৰ ২ (দুই) অধ্যায়ৰ এই কথাখিনিত মনোযোগৰ প্ৰয়োজন।

  • জন্মনা জায়তে শূদ্ৰ, (जन्माना जायते शूद्र)

সংস্কাৰাৎ দ্বিজ পশ্যতে। (संस्कारात् द्विज पश्यते)

বেদত পাঠে ভবেৎ বিপ্ৰ, (वेदत पाठे भवेत् विप्र)

ব্ৰহ্ম জানায়াতে ব্ৰাহ্মণম।। (ब्रह्म जानायाते ब्राह्मणम्)

অৰ্থাৎ জন্মসুত্ৰে প্ৰতিজন ব্যক্তি শূদ্ৰ হৈ জন্ম হয়, সংস্কাৰৰ দ্বাৰাহে দ্বিতীয় জন্ম পায়। ব্ৰহ্ম জানায়াতে ব্ৰাহ্মণম- ব্ৰহ্মক জানিলেহে ব্ৰাহ্মণ হয়; তেতিয়াহে (अहं ब्रह्म अस्मि) মই সেই ব্ৰহ্মৰ অংশ বুলি কোৱা যোগ্যতা পায়। গতিকে মনুষ্য জীৱন অমুল্য জীৱন, সেই এই জীৱনতে ব্ৰহ্ম প্ৰাপ্তি হব লাগে। মনুষ্য জীৱন মুক্তিৰ দোৱাৰ স্বৰূপ।

  • বৃহদাৰণ্যক উপনিষদ ৪:৪:৭- অনুসৰি  -  মনুষ্য জীৱন হৈছে মুক্তিৰ দোৱাৰ স্বৰূপ, এই জীৱনতেই ব্ৰহ্মপ্ৰাপ্তি হব লাগে। (मनुष्य लोकं मुक्ति द्वारं, अत्रब्रह्म समुश्नूते।) যদি ব্ৰহ্ম প্ৰাপ্তি নহয়, তেন্তে তাৰ ফল হৈছে নৰক।
  • মণ্ডল ব্ৰহ্মোপনিষদৰ ২:৪ অনুসৰি – পাপৰ ফল হৈছে নৰক কু-কাৰ্য্য বা পাপ কৰ্ম্মৰ ফল  নৰক (पाप फलं नरकदिमाह्स्तु)।
  1. এতিয়া প্ৰশ্ন হৈছে পাপ কি?
  • শাস্ত্ৰসমুহে বিভিন্ন সংজ্ঞা দিছে। বেদশাস্ত্ৰৰ মতে (ঋগবেদ  ৫:৮৫:৭-৮, ৭:৮৬:৩, ৭:৮৯:৫)

ক) পৰমেশ্বৰ তথা সমাজৰ বিৰুদ্ধে কৰা অপৰাধ,

খ) ঈশ্বৰৰ বিধি-ব্যৱস্থা লঙ্ঘন কৰা কাৰ্য্য,

গ) ভাই, বন্ধু, চুবুৰীয়া তথা বিদেশীজনৰ বিৰুদ্ধে কৰা কাৰ্য্য।

  • বাইবেল শাস্ত্ৰৰ মতে,

ক) সৃষ্টিকৰ্ত্তাৰ বিৰুদ্ধে কৰা বিদ্ৰোহ, অবাধ্যতা (দ্বিতীয় বিৱৰণ ৭:৯)

খ) ঈশ্বৰৰ আজ্ঞা লঙ্ঘন (  ১ম  যোহন ৩:৪)

  • যিয়েই নহওক মানুহ জাতিয়ে অৰ্থাৎ আমি মানুহবোৰে এই পাপ প্ৰবৃত্তিৰ পৰা হাত সৰিব নোৱাৰো। সেয়ে ব্ৰাহ্মণ ভকতসকলে এই প্ৰাৰ্থনাটো কৰিছিল-

पापोहं पाप कर्म्माहं पापात्मा पाप सम्भवः।

त्राहिमाम् पुण्डरीकाक्षम् सर्व्व पाप हर हरे।।

  • অৰ্থাৎ মই পাপী, মই পাপ কৰ্ম্মী, পাপতেই মোৰ জন্ম, মই পাপীষ্ঠ, গতিকে হে কমলনয়ন পবিত্ৰ ঈশ্বৰ মোক এই পাপ সমুদ্ৰৰ পৰা বচোৱা।
  • বাইবেল শাস্ত্ৰই এই বিষয়ে কি কয় ?  

ক) ৰোমীয়া ৩:২৩- ২৪ কিয়নো একো প্ৰভেদ নাই; কাৰণ সকলোৱে পাপ কৰিলে, আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে, কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামুল্যে ধাৰ্ম্মিক বুলি গণিত হয়(तैषां कोपि प्रभेद नाष्टि, यतः सर्व्वएव पापीनः ईश्वरीयतेजोहीनाक्ष्च जाताः। त ईश्वरस्यानुग्रहात् मुल्यं बिना ख्रीष्टकृतेन् परित्राणेन धार्म्मिकीकृता भवन्ति।)

 

খ) ৰোমীয়া ৬:২৩ কিয়নো পাপৰ বেচ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন। (यतः पापस्य बेतनं मरणं, किन्त्वस्माकं प्रभुणा यीशु ख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं दानम् आस्ते।)

 

  1. ইয়াৰ কাৰণ-
    • পাঁচনিৰ কৰ্ম্ম ৪:১২-  আৰু আন কাতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে, স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। (न च बिद्यते अन्यस्मिन कास्मिन्नपि परित्राणां, नापि वास्तन्यत किमपि नाम स्वर्गस्याधो मनुष्येभो दत्तं यद्यरास्माभिः परित्राणां प्राप्तव्यम।)
    • যোহন ১৪:৬- যীচুৱে ক’লে, ময়েই বাট,আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে পিতৃৰ ওচৰলৈ কোনো নাযায়। (यीशुस्तं बदति- अहमेव पन्थाः सत्यञ्च, जीवनञ्च, नान्येनोपायेन मनुष्यः पितः समीपमायाति, केवलं मया।)
    • যোহন ১১:২৫ – যীচুৱে ক’লে, ময়েই পুনৰূত্থানো আৰু জীৱনো; যিকোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীব। (यीशुस्तामुवाच, अहं पुनरूत्थानं जीवनञ्च। मयि यो विश्वसिति स मृत्यापि जीविष्यति।)  
    • যোহন ৮:৩২ – আৰু তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব। (सत्य़ञ्च ज्ञास्य़थ सत्य़ेन स्वाधीनीकारिष्यध्ये च।)
    • মুণ্ডকোপনিষদ ৩::৬ ৰ অনুসৰি  सत्यमैव जयति नानृतं  (সত্যক কেতিয়াও বিনষ্ট কৰিব নোৱাৰি।)
    • শ্বেতস্বৰ উপনিষদ ৩:৮- तमेव बिदित्वाति मृत्युमेति, नान्यः पन्था बिद्यतेहनाय-  তেওঁক জনাৰ দ্বাৰাই মৃত্যুৰ সিপাৰৰ অভিজ্ঞাতাও পোৱা যায়। আন কোনো উপায় নাই।
    • যোগতত্ব উপনিষদ ৬ – नानामार्गेस्तु दुष्प्राप्यं कैवलं परंपदम्ঈশ্বৰৰ সৈতে সংযুক্ত হোৱাৰ চৰম অভিজ্ঞতা, অনেক পন্থা অৱলম্বন কৰাৰ দ্বাৰা আহৰণ কৰিব নোৱাৰি।
    • বৃহদাৰণ্যক উপনিষদ ১:৩:২৮ - असतो मा सद् गमयं, तमसो मा ज्योति गमयं, मृत्युर्मा अमृतं गमयं  অৰ্থাত অসত্যৰ পৰা সত্যলৈ নিয়া, অন্ধকাৰৰ পৰা জ্যোতিলৈ নিয়া, মৃত্যুৰ পৰা জীৱনলৈ নিয়া।

 

আপুনি সত্যক জানেনে- যীচু খ্ৰীষ্টয়েই কৈছে ময়েই সত্য। সকলোৰে শান্তি হওক।

 

 

 

 

 

Share

Your encouragement is valuable to us

Your stories help make websites like this possible.